মাত্ৰ ৫২ চেকেণ্ড থিয় হ'ব লাগে ।
নিজ দেশ, নিজ ৰাষ্ট্ৰ, মাতৃভূমিৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শনৰ বাবে মাত্ৰ ৫২ চেকেণ্ড ।
সংবিধান প্ৰদত্ত গণতান্ত্ৰিক অধিকাৰ প্ৰাপ্ত নাগৰিকৰ বাবে এটি অত্যন্ত চমু কৰ্তব্য স্বৰূপ এই ৫২ চেকেণ্ড ।
সাৰ্বভৌমত্বৰ অধিকাৰী ৰাষ্ট্ৰয়ে প্ৰদান কৰা অধিকাৰ সামান্যতম তাৰতম্য হ'লে আপোচ কৰিব নোৱাৰা, ৫২ চেকেণ্ড থিয় হোৱাৰ বিৰুদ্ধে ন্যায়ালয়ৰ কাষ চপাসকল কেনে নাগৰিক বুলি গণ্য কৰিব ?
২/৩ঘণ্টাৰ মনোৰঞ্জণৰ বাবে প্ৰস্তুত হোৱাসকলৰ বাবে ৫২চেকেণ্ড থিয় হৈ দেশৰ প্ৰতি শ্ৰদ্ধাশীল হৈ আনুগত্য প্ৰকাশ কৰাটো অপৰাধ হ'ব নেকি ?
আচৰিত হ'ব ধৰিছে কাণ্ডবোৰ । প্ৰতিক্ষেত্ৰতে সমালোচনা বা বিতৰ্কই বাহ লৈছে ।
মহামান্য উচ্চতম ন্যায়ালয়ৰ আদেশবোৰও বিতৰ্কৰ উৰ্দ্ধত থকা নাই । কেতিয়াবা প্ৰশ্ন উদয় হয়, ভাৰতীয় ন্যায় ব্যৱস্থাত ভাৰতীয়ত্ব আছে নে নাই, অথবা থকা উচিত নে অনুচিত ? কাৰণ সংবিধানে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিছে, নাগৰিকক অধিকাৰ দিয়াৰ লগতে কিছূ কৰ্তব্যও দিছে । যদি অধিকাৰবোৰ বাধ্যতামূলক হয়, কৰ্তব্যও কিছূ বাধ্যতামূলক হোৱাটো গণতান্ত্ৰিক বিৰোধী নীতি বুলিব নোৱাৰি ।
বিধানমণ্ডল, আমোলাতন্ত্ৰ, ন্যায় ব্যৱস্থাৰ লগত প্ৰচাৰ মাধ্যম, এই চাৰিওটা সাৰ্বভৌম গণতন্ত্ৰৰ স্তম্ভ ৰূপে সৰ্বজন জ্ঞাত । চাৰিওটা স্তম্ভৰ বলিষ্ঠ ভূমিকা ৰাষ্ট্ৰৰ উন্নয়ণৰ বাবে নিতান্তই অপৰিহাৰ্য্য । সকলোয়ে ৰাষ্ট্ৰৰ হকে, ৰাষ্ট্ৰৰ বাবে, ৰাষ্ট্ৰৰ কাৰনে কাম কৰিব লাগিব, আনুগত্য থাকিব লাগিব, শ্ৰদ্ধাশীল হ'ব লাগিব । গণতান্ত্ৰিক অধিকাৰ বুলি কোনো এজন নাগৰিক বা নাগৰিকৰ সমষ্টি বিশেষৰ ব্যক্তিগত সমস্যা, ৰাষ্ট্ৰৰ বাবে কৰিবলগীয়া কৰ্তব্যতকৈ ওপৰত স্থান দিয়াটো কিমান যুক্তিসঙ্গত, এই প্ৰশ্নটো উদয় হৈছে ।
"স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, অন্য ৰাষ্ট্ৰীয় দিৱস পালন কৰাটোও  বাধ্যতামূলক নহয়, সেয়া নাগৰিকৰ ইচ্ছা । পতাকা উত্তোলন কৰিবও পাৰে, নকৰিলেও নাই । জাতীয় পতাকা উত্তোলন কৰিলে ৰাষ্ট্ৰীয় সঙ্গীত গাব লাগে । নাগালেও কোনো কথা নাই । ৰাষ্ট্ৰীয় সঙ্গীত গালে থিয় হৈ গাব লাগে । অৱশ্যে থিয় হ'ব মন নগলেও কোনো কথা নাই ।"এয়া গ্ৰহণযোগ্য হ'ব পাৰেনে ৰাষ্ট্ৰ এখনত?
ব্যক্তিগত অধিকাৰ সাব্যস্ত কৰোৱাটোৱেই ন্যায়ালয়ৰ একমাত্ৰ দায়ীত্ব নে ? নাগৰিকৰ অধিকাৰৰ উৰ্ধত নহয় জানো ৰাষ্ট্ৰৰ সন্মান ?
কথাবিলাক উত্থাপন হৈছে, উচ্চতম ন্যায়ালয়ৰ ৰায়দান উদ্ধৃতিত, য'ত কোৱা হৈছে যে চিনেমা গৃহত চিত্ৰ প্ৰদৰ্শণীৰ প্ৰাক-মুহুৰ্তত ৰাষ্ট্ৰীয় সঙ্গীত পৰিবেশনৰ সময়ত দৰ্শক থিয় হোৱা বাধ্যতামূলক নহয় । ৫২চেকেণ্ড থিয় হ'ব নোৱাৰা বা নিবিচৰা সকলৰ আপত্তিৰ অভিযোগমৰ্মে ন্যায়ালয়ৰ এই ৰায় দানে কাক উৎসাহিত কৰিব ? বিভিন্ন সময়ত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ সতে শৃংখলাহীণতাৰ আশংকাত কেন্দ্ৰীয় চৰকাৰক হুমকি দিও শেষত এক "থিয় নহলেও চলিব" ধৰণৰ ৰায়, আইনৰ মেৰপাকৰ আভ্যন্তৰ বুজি নোপোৱা আমাৰ দৰে সাধাৰন লোকৰ বাবে, ৰাষ্ট্ৰ পক্ষৰ হকে যথোচিত ৰায় বুলিবলৈ কষ্ট হৈছে । সেয়েহে হয়তো ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰকে দায়ীত্ব প্ৰদান কৰি স্পষ্ট নীতি নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা দিছে ।
স্মৰ্তব্য যে, ন্যায়ালয়ে যোৱা ৩০ নৱেম্বৰ ২০১৬ তাৰিখে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশনৰ সময়ত চিনেমাৰ পৰ্দাত ত্ৰিৰঙ্গ পতাকা প্ৰদৰ্শন কৰাটো বাধ্যতামুলক বুলি নিৰ্দেশ দি কৈছিল__
“People must feel this is my country and this is my motherland,”
”At the root of protocol for national anthem, is respect for national identity, integrity and constitutional patriotism,” the bench said while directing the Centre that the order should be given effect in a week’s time and be circulated to all states and union territories through chief secretaries.
“Time has come when people should feel they live in a nation” and “even in the shastras, nationalism was accepted.”
দেশপ্ৰেম প্ৰদৰ্শনীয় নহয়, প্ৰদৰ্শন বাধ্যতামূলকো নহয়, কিন্তু ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন সময়ত সকলোয়ে থিয় হোৱা মুহুৰ্তত দুই চাৰিজন যদি বহি থকা দেখা পোৱা যায়, তেন্তে সেই সকলৰ প্ৰতি কেনে ধাৰনা জন্মিব ! নিশ্চয় বিয়োগাত্মক হ'ব । অথচ ন্যায়ালয়ে ২৩ অক্টোবৰ২০১৭ তাৰিখৰ ৰায়যোগে থিয় হ'ব নিবিচৰা সকলৰ মনোবল দৃঢ় কৰি দিয়া নাইনে ? ১৯৭১ চনৰ( Prevention of Insults to National Honour Act )ৰাষ্ট্ৰীয় সন্মানৰ অপমান প্ৰতিৰোধ আইনৰ উলংঘা নহ'বনে ? তাতোকৈ যদিহে চিনেমা গৃহটিয়ে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন কৰাটো বাধ্যতামুলক নহয় বুলি ৰায়দান দিলে হয়, এনে বিতৰ্ক নহলেহেতেন ।
সংবিধানৰ ৫১ নং অনুচ্ছেদত এই বিষয়টো সন্নিৱিষ্ট আছে ।
Article 51A in The Constitution Of India 1949
51A. Fundamental duties It shall be the duty of every citizen of India
(a) to abide by the Constitution and respect its ideals and institutions, the national Flag and the National Anthem;
অনেক জাতি-বৰ্ণ-ধৰ্ম-গোষ্ঠী-ভাষা-ভাষী লোকৰ মাজত একতা, এক সমানতাৰ ভাৱ সৃষ্টি কৰাৰ লগতে ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশনৰ জ্বৰিয়তে চিনেমা গৃহৰ বাহিৰলৈ ওলাই আহোঁতে সকলোৱে ভাৰতীয়ত্বৰ এক গভীৰ আস্থা মনৰ অন্তকৰণত প্ৰতিষ্ঠিত হোৱাত সহায়ক হ'ব । সেয়েহে ৰাষ্ট্ৰৰ প্ৰতি সন্মান অন্ত:কৰনেৰে কৰা হওক, অন্যথা বাধ্যতামুলক হ'লেও প্ৰদৰ্শন কৰিবলৈ নিশ্চিত কৰা হওক । কোনো অনুকম্পাৰ স্থান নথকাটো শ্ৰেয় ও ৰাষ্ট্ৰীয় একতাৰ পক্ষে মঙ্গল ।

Post a Comment

0 Comments