Tutors meet at Guwahati.

 ইং ১৮ জুলাই ২০২৩ তাৰিখে গুৱাহাটীৰ বিষ্ণু নিৰ্মলা স্মৃতি ভৱনত সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাৰ সাধাৰণ সভা অনুষ্ঠিত হয় । সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোহাইঁৰ সভাপতিত্বত অনুষ্ঠিত সভাত অসমৰ প্ৰায় সকলো জিলাৰ সভাপতি/সম্পাদক/প্ৰতিনিধি শিক্ষক উপস্থিত থাকে ।

Bhuban Sharma.com


Tutors meet at Guwahati  

গুৱাহাটীত টিউটৰৰ সাধাৰণ সভা ।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মুখ্য সম্পাদক ভূবন শৰ্মাই । বিগত কাৰ্য্যকালৰ কাৰ্যসূচীসমূহৰ খতিয়ানৰ লগতে নতুন পৰিকল্পনা আৰু কৰ্মসূচী নিৰূপন, সাংগঠনিক আলোচনাত কেন্দ্ৰীয় সমিতি সন্দৰ্ভত সিদ্ধান্ত আৰু অন্যান্য আলোচনাৰ বাবে সভাৰ আহ্বান কৰাৰ উদ্দেশ্য ব্যক্ত কৰে । তাৰ পিছতেই কাৰ্যসূচীমৰ্মে সম্পাদকীয় প্ৰতিবেদন পাঠ কৰে মুখ্য সম্পাদকে ।
সম্পাদকীয় প্ৰতিবেদনৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি নগাওঁ জিলাৰ সভাপতি আচাদ আলীয়ে অসহমতি প্ৰকাশ কৰে । লক্ষীমপুৰ জিলাৰ সম্পাদক জীৱন চৰকাৰে প্ৰতিবেদনত থকা আসোঁৱাহ সমূহ দৃষ্টিগোচৰ কৰি সংশোধনৰ বাবে আগ্ৰহ প্ৰকাশ কৰে । তাৰ পিছত কিছু মতামতৰ অন্তত সভাপতিয়ে যাৱতীয় সংশোধন বা সংযোজনৰ নিশ্চিত কৰি প্ৰতিবেদনটি গৃহীত কৰাৰ ঘোষণা কৰে ।
পৰৱৰ্তী কাৰ্য্যসূচীত কৰ্মসূচীত আগন্তুক কাৰ্য্যসূচী সন্দৰ্ভত সভাপতিয়ে প্ৰতিটো জিলাৰ পৰা একোগৰাকীকৈ প্ৰতিনিধিক মতামত আগবঢ়াবলৈ আহ্বান জনায় । সেইমৰ্মে আজিৰ সভাত উপস্থিত অসমৰ সকলো জিলাৰ পৰা মন্তব্য প্ৰকাশ কৰি পৰিকল্পনা, দাবী আৰু কৰ্মসূচী সম্বন্ধে মতামত আগবঢ়ায় । বিশেষকৈ দাবীসমূহ পোনপটীয়াভাৱে দুটা মূখ্য হিচাবে গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়া হয় । মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ নিদিয়া বিষয়টো অতি গম্ভীৰতাৰে বিবেচনা কৰি প্ৰয়োজন সাপেক্ষে মুখ্যমন্ত্ৰীৰ সাক্ষাতৰ বাবেই অনশনৰ দৰে কাৰ্যসূচী গ্ৰহণৰ প্ৰস্তাৱ আগবঢ়োৱা হয় । আইনী দিশলৈ অগ্ৰসৰ হোৱাৰ ক্ষেত্ৰত থকা ইতিবাচক আৰু নেতিবাচক দিশসমূহ পৰ্য্যালোচিত কৰা হয় । সেইমৰ্মে পাৰিতোষিক বৃদ্ধিৰ ক্ষেত্ৰত আদালতৰ কাষ চপাৰ সন্দৰ্ভতো বিতং আলোচনা কৰা হয় ।
সাংগঠনিক দিশৰ আলোচনাত অংশগ্ৰহণ কৰি নগাওঁ জিলাৰ সম্পাদক ইচাহক আলীয়ে কমিটী ভঙ্গ নকৰি মুখ্য উপদেষ্টা, কাৰ্যকৰী সভাপতি আৰু মুখ্য সম্পাদকৰ পদত থকা ব্যক্তিসকলক ৰদবদল কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে । কেন্দ্ৰীয় কমিটী সন্দৰ্ভত মন্তব্য আগবঢ়াই সম্পাদক তথা বৰপেটা জিলা সমিতিৰ সভাপতি গণেশ ৰয় ডাঙৰীয়াই এই সময়ত ৰদবদলৰ কোনো প্ৰয়োজন নাই আৰু প্ৰয়োজনত অধিক ব্যক্তিক সহযোগী হিচাবে সংযোজন কৰিবলৈ আহ্বান জনায় । ধেমাজি জিলাৰ পৰা মুখ্য সংগঠক কুশল ফুকন, মৰিগাওঁ জিলা সভাপতি প্ৰসেনজিৎ কলিতা, বিশ্বনাথৰ দিলীপ শৰ্মা, কোকৰাঝাৰ জিলাৰ ফৗ.ইচলাৰী, বাক্সা জিলাৰ ইমান আলী খান, ধুবুৰীৰ আখতাৰ হুছেইন, জোনাইৰ অনন্ত ৰামচিয়াৰী, গোলাঘাটৰ পৰা নগেন শৰ্মা, মাজুলীৰ ভূপেন বৰুৱা, নগাওঁৰ তৰু প্ৰসাদ শৰ্মা, বৰুণ গোস্বামী,কামৰূপ মেট্ৰ’ৰ পৰা গোকৰ্ণ মিশ্ৰ, কেন্দ্ৰীয় সম্পাদক আবুল কালাম আজাদ,ধুবুৰীৰ পৰা উপসভাপতি চৈয়দ আলী, ওদালগুৰীৰ সোনাৰাম বৰুৱাকে আদি কৰি বহুকেইজন প্ৰতিনিধি বিষয়ববীয়াই বৰ্তমানৰ কেন্দ্ৰীয় সমিতি বাহাল ৰখাৰ মনোভাৱ প্ৰকাশ কৰি আগন্তুক দিনত অধিক শক্তিশালীৰূপে কাৰ্যসম্পাদনৰ বাবে আহ্বান জনায় । কাচাৰ, কাৰ্বি আংলং, মানকাচাৰ, চিৰাং, দৰং,শোণিতপুৰ, ডিব্ৰুগড় জিলাৰ পৰাও প্ৰতিনিধিসকলে অভিমত প্ৰকট কৰে । আজিৰ সভাত উপস্থিত প্ৰাক্তন মুখ্য সম্পাদক পৱিত্ৰ ডেকাই আন্দোলন আৰু আইনী দিশ সন্দৰ্ভত গুৰুত্বপূৰ্ণ মতামত ও পৰামৰ্শ আগবঢ়ায় ।
আজিৰ সভাত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা কাৰ্য্যালয়ৰ পৰা সংস্থালৈ আলোচনাৰ বাবে জনোৱা আমন্ত্ৰণৰ বিষয় সভাপতিয়ে সভাক অৱগত কৰে । সেই সন্দৰ্ভত স্মাৰক পত্ৰ প্ৰস্তুতকৰণ আৰু প্ৰতিনিধিসকল মনোনীতকৰণৰ ওপৰত চৰ্চাৰ বাবে আহ্বান জনায় । তাৰ লগতে যৌথ মঞ্চ আৰু এক’মডেট টিউটৰ সন্থাৰ মাজত চলা আলোচনাৰ বিষয় অৱগত কৰি এক সন্মিলিত মঞ্চ গঠণৰ জৰিয়তে ঐক্যবদ্ধ সংগ্ৰামৰ বিষয়ত হোৱা চিন্তা চৰ্চা সম্বন্ধে সভাত উল্লেখ কৰে ।
সভাপতিৰ আহ্বানমৰ্মে বিষয়টোৰ ওপৰত চৰ্চা কৰা হয় । বাৰ্তালাপত যথোপযুক্ত ব্যক্তিক স্থান দি এক যোগাত্মক বতৰা কঢ়িয়াই অনাৰ আশাৰে দিহা-পৰামৰ্শ প্ৰদান কৰা হয় ।
শেষত মুখ্য উপদেষ্টা ডাঙৰীয়াই সকলো বিষয় সামৰি অভিমত প্ৰকাশ কৰে । শিক্ষা উপদেষ্টাৰ সৈতে আলোচনাৰ বাবে তেখেতে নিজৰ লগতে কেইবাগৰাকী প্ৰতিনিধিসকলৰ নাম প্ৰস্তাৱ কৰে । তাৰ লগতে কেন্দ্ৰীয় সমিতিত মুখ্য সম্পাদকৰ সহযোগী সম্পাদকৰূপে ইচাহক আলীক সংযোজনৰ আগ্ৰহ প্ৰকাশ কৰে । যৌথ মঞ্চৰ সৈতে ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত সন্দিহান মনোভাৱ ব্যক্ত কৰি যথেষ্ট সাৱধানে অগ্ৰসৰ হোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায় ।
মুখ্য সম্পাদকে প্ৰতিনিধি দল মনোনীত কৰাৰ বাবে সভাপতিক সম্পূৰ্ণ কতৃত্ব প্ৰদান কৰাৰ লগতে নিজৰ স্থিতি মজবুত ৰাখি যৌথ মঞ্চ/একম’ডেট সংস্থাৰ মাজত আসন্ন বৈঠক সম্পন্ন কৰাৰ কথাত সকলোৱে একমত প্ৰকাশ কৰে ।
কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ ডাঙৰীয়াই সকলো বিষয় সামৰি আজিৰ সভাই গ্ৰহণ কৰা সিদ্ধান্ত সমূহ যথেষ্ট ইতিবাচক আৰু অনাগত দিনত সাংগঠনিক দৃঢ়ীকৰণৰ বাবে সাজু থাকিবলৈ সকলোকে আহ্বান জনায় ।
Conclusion :
সদৌ শেষত সভাপতিৰ মন্তব্যত সৰ্বপ্ৰথমে আজিৰ সভাত উপস্থিত হৈ দিহা পৰামৰ্শ আগবঢ়োৱা প্ৰতিগৰাকী সতীৰ্থ শিক্ষাগুৰুৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে । প্ৰতিটো জিলাৰ সাংগঠনিক ভেটি শক্তিশালীকৰণৰ বাবে আহ্বান জনাই এই ক্ষেত্ৰত অচিৰেই নিৰ্দেশনা জাৰি কৰাৰ কথা উল্লেখ কৰে । সংস্থাৰ বাৰ্ষিক বৰঙণি প্ৰদান কৰিবলৈ সকলো টিউটৰক আহ্বান জনাই জিলা/ব্লক সমিতিলৈ অচিৰেই পত্ৰ প্ৰেৰণৰ বাবে মুখ্য সম্পাদকক আহ্বান জনায় । বিশ্বনাথকে আদি কৰি অসমৰ কেইবাখন জিলাৰ জিলা সমিতিৰ পুনৰগঠণৰ বাবে আজিৰ সভাত ঘোষণা কৰি কেন্দ্ৰীয় সমিতিৰ পৰ্য্যবেক্ষণত নতুনকৈ জিলা সমিতি গঠণৰ কথা প্ৰকাশ কৰে । সংস্থাৰ সংবিধান প্ৰস্তুতকৰণৰ বাবে ৫/৬ জনীয়া এটি উপসমিতি গঠণ কৰা, সংবাদ মেল-প্ৰেছ বিবৃত্তি আদিৰ বাবে এক বিশেষ গোট গঠণ আৰু আইনী দিশৰ ক্ষেত্ৰত গ্ৰহণ কৰিব পৰা যথোপযুক্ত ব্যৱস্থা কৰাৰ কথা উল্লেখ কৰে । যৌথ মঞ্চৰ সৈতে এক সন্মিলিত মঞ্চ গঠণত কোনো অসুৱিধা নাই কিন্তু নিজৰ স্থিতি অক্ষুন্ন ৰখাত গুৰুত্ব দিয়াৰ কথা স্পষ্ট কৰে । ১৯ জুলাই তাৰিখৰ আসন্ন আলোচনাৰ বাবে প্ৰতিনিধি দল নিৰ্বাচনৰ ক্ষেত্ৰত নিশ্চিতভাৱে বিবেচনাৰে বাঁচনি কৰাৰ কথা ব্যক্ত কৰে ।

Post a Comment

0 Comments