এই নাৰীৰ বাবেই উন্মোচিত হ'ল অসমৰ মানৱ সম্পদ চিনাক্তকৰণ, উৎকৰ্ষণ, সংবৰ্দ্ধন ও সংস্থাপন কৰি ৰাজ্যৰ উন্নয়ণ সাধনত ব্ৰতী কৰোৱা থলীৰ লেতেৰা স্থিতি । লোকসেৱা আয়োগৰ স্বচ্ছতাৰ ওপৰত সদায়েই সন্দিহান আছিল যদিও প্ৰত্যক্ষ অসন্তুষ্টিৰ অভিজ্ঞতাহীণ লোকৰদ্বাৰা অভিযোগ সম্ভৱ নাছিল । তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো, তথ্যগত দুৰ্নীতিৰ প্ৰমাণৰ অভাৱ । উপেক্ষিত প্ৰাৰ্থী অংশুমিতা গগৈ নিজে ভূক্তভোগী হোৱাৰ লগতে সুন্দৰভাৱে তথ্য-প্ৰমানৰ ব্যৱস্থাও কৰিবলৈ সক্ষম হৈ বিধিগত অভিযোগনামা দাখিল কৰাত সক্ষম হয় । এয়া এগৰাকী মেধাবী ব্যক্তিত্বৰ লগতে সাহসীকতাৰ পৰিচায়ক । উপেক্ষা হোৱাত বিতুষ্ট হৈয়ে হওক নতুবা সততাৰ অভিমানৰ বাবেই হওক, তেওঁৰ এই পদক্ষেপ ৰাজ্যৰ হকে মঙ্গলদায়ক চিহ্নিত হৈ ৰব ।
- APSC SCAME
- অংশুমিতা গগৈৰ সৎসাহস
- সাহসী ব্যক্তি অংশুমিতা গগৈ ।
- সৎসাহসীয়ে নিৰাপত্তাৰ বাবে চিন্তা নকৰে । কাৰন সত্যত থাকিব পৰাটোৱেই আজিৰ যুগৰ বাবে এক দু:সাহসীক কাৰ্য্য । সত্য বৰ কঠোৰ । কঠোৰতা অবিহনে সত্যৰ অনুসৰণ অসম্ভৱ । অসৎ সকলৰ শাস্তি দেখি বিচলিত হোৱাজনে সত্যৰ পথত অগ্ৰসৰ হোৱা টান ।
- মানৱীয়তা সৎ মানৱ, অবোধ, অক্ষমসকলৰ প্ৰতিহে প্ৰযোজ্য কৰি ৰখা উচিত । আনহাতে স্বাৰ্থী আৰু ভীৰুজনৰ একমাত্ৰ নীতি 'চল বল কৌশল' ।
- অসমৰ নাগৰিকৰ ধন্যবাদৰ পাত্ৰ অংশুমিতা । তদন্ত হওক, দোষীয়ে উচিত শাস্তি পাব লাগে । অৱশ্যে নিশ্চয়তা অদৃশ্য !
APSC ত দুৰ্নীতি হয়, এয়া যেন সকলোয়ে জানিছিল। কোনোবাই লোকসেৱা আয়োগৰ চাকৰি পোৱা খবৰ পালেই হয় "বেক" নতুবা "চেক"ৰ মহিমা বুলি এক প্ৰকাৰ নিশ্চিতি লভাটো পৰম্পৰাগত চিন্তন হৈছিল । অনুমান হয় যে, সংৰক্ষণৰ এক অদ্ভূত নিয়ম এই বিভাগত প্ৰযোজ্য । অনুসুচিত জাতি, জনজাতি, অন্যান্ন পিছপৰা জাতি সংৰক্ষণৰ লগে লগে বিশেষভাৱে মন্ত্ৰী,বিধায়ক,সাংসদ,আয়োগৰ অধ্যক্ষ,সদস্যবৃন্দ,বিভিন্ন সক্ৰিয় সংগঠণৰ মূৰব্বী,সংবাদ জগতৰ বলিষ্ঠসকল প্ৰভৃতিৰ বাবে পদে পদে পদ বিতৰণৰ যেন পদ্ধতিগত নিয়ম নিৰ্ধাৰিত । ৰাজ্যৰ অধিকতম মেধাবী উপযুক্ত ব্যক্তিত্বই লোকসেৱা আয়োগৰ এই দিশটোৰ বাবেই নিজকে সেই সপোন দেখাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ বাধ্য । আৰু বহু অনুপযুক্তই নভৱাকৈ নিচিন্তভাৱে অসমৰ আমোলাতন্ত্ৰৰ অঙ্গ হ'বলৈ সক্ষম হৈ আহিছে । প্ৰশাসনিক বিষয়াৰূপে চকী দখল কৰা এই ব্যক্তিসকলৰ দ্বাৰাই চৰকাৰে ৰাজ্যৰ সকলো কাম-কাজ সম্পাদিত,ৰূপায়িত হয় । প্ৰয়োজনীয় জ্ঞান অবিহনে বাচনিকৃত এই বিষয়াসকলৰ প্ৰশাসনিক দক্ষতা কোনোপধ্যে সন্তোষজনক হ'ব নোৱাৰে । সেয়েহে অসমৰ অৱস্থা অত্যন্ত শোচনীয় বুলিব পাৰি । "চেক"ৰ বলত হোৱাসকলে নিজৰ 'খালী পকেট পূৰণ'ৰ অভিযান হয়তো প্ৰথম দিনৰ পৰাই আৰম্ভ কৰে । উচিত, সত্য, ন্যায় শব্দবোৰৰ পৰা দূৰত্ব বজাই আগবঢ়াসকলৰ পৰা ৰাইজ বা ৰাজ্যৰ কেনে উপকাৰ সাধন হয় সেয়া সহজেই অনুমেয় । তাতোকৈ সাংঘাতিক বিষয় এটাই ভয়াবহ ৰূপ ধাৰণ কৰিব লৈছে । সেয়া হ'ল ৰাজনৈতিক নিযুক্তি । হয়, বিষয়াসকলো ৰাজনীতিৰ অনুগামীৰূপে পৰিচিতি পাব ধৰিছে । কোনো এজন বিষয়াই কেতিয়া, কাৰ দিনত, কাৰ দ্বাৰা/জ্বৰিয়তে বাচনিৰে নিযুক্তি পাইছে, সেইপক্ষৰ প্ৰতি কিছূ দূৰ্বলতা আৰু প্ৰতিপক্ষৰ প্ৰতি কঠোৰতাৰ অনুমান সকলোৱে কৰিব পাৰিব । এইবোৰ কথা প্ৰসঙ্গমৰ্মে উল্লেখ কৰি, এই বিয়াগোম বিভাগ যাৰ হাতত ৰাজ্য/দেশৰ ভৱিষ্যত নিৰ্মানৰ প্ৰকৃত নক্সা ন্যস্ত, ইয়াৰ সুস্থিৰ বিশ্লেষনাত্মক অধ্যয়ণেৰে স্বচ্ছতা আৰু কুশলতা অনাৰ হকে পদ্ধতি পৰিৱৰ্তনৰ অনুশীলনৰ প্ৰয়োজনীয়তাৰ সময় নিশ্চয়কৈ সমাগত । এই দিশটো টনকিয়াল কৰি ৰাজ্যৰ প্ৰশাসনীয় ব্যৱস্থাত স্বচ্ছতা আনিলেহে সচা অৰ্থত ৰাইজৰ মঙ্গল সাধন হ'ব । প্ৰশাসনিক সেৱাৰ বাবে মেধাৰ উপৰি চাৰিত্ৰিক দিশৰো মূল্যায়ণৰ ব্যৱস্থা থকা উচিত ।
অসম লোক সেৱা কেলেঙ্কাৰী উন্মোচিত হৈ ইয়াৰ অধ্যক্ষ ৰাকেশ পালৰ গ্ৰেপ্তাৰে ৰাজ্যৰ আমোলাতন্ত্ৰৰ প্ৰতি এক ঋণাত্মক দৃষ্টিভঙ্গী গঢ় লৈছে । ২০/২৫জন ACS/APS বিষয়াক গ্ৰেপ্তাৰ ৰাজ্যৰ আলোড়নকাৰী ঘটনা । তদন্ত প্ৰক্ৰিয়াত বিভিন্ন ন ন তথ্যৰ ৰহস্য উদ্ঘাটন হৈছে । পৰীক্ষাতো নবহাকৈ উত্তীৰ্ণ হোৱা তথ্য পোৱা গৈছে, যাৰ বাবে হাতৰ আখৰ পৰীক্ষণৰ বাবে Forensic labলৈ প্ৰেৰন কৰা হৈছিল । গতিকে, এই পদ্ধতিৰে বাচনিৰ প্ৰক্ৰিয়া ড:অংশুমিতা গগৈৰ পালটোতহে ৰাকেশ পালে(অধ্যক্ষ) এনে ব্যৱস্থা কৰিছিল, তাৰ পূৰ্বে ঠিকেই আছিল বুলি কোৱা ১ শতাংশ মানুহ এই ৰাজ্যত পোৱা নাযাব । তেনেক্ষেত্ৰত কি হ'ব পাৰে অৰ্থাৎ হৈ গৈছে ভাৱকচোন !
সীমিত জ্ঞানে ঢুকি পাই জানো যে, এজন ৰাজপত্ৰিত বিষয়া, যিজন লোকসেৱা আয়োগৰ জ্বৰিয়তে নিযুক্তি প্ৰাপ্ত, তেওঁৰ দৈনিক কৰ্তব্যৰ কোনো সময়সীমা নাথাকে । দিনটোৰ ২৪ ঘণ্টাই লোকসেৱাৰ কামত তৎপৰ থাকিব লাগে তথা বাধ্য । এই কথাটোৰ প্ৰসঙ্গত টানিব বিচাৰিছো এটি ঘটনা । ঘটনাটো অসমৰ এখন জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়, য'ত নিৰ্বাচনী সংক্ৰান্তত ৰাতিলৈকে কামৰ হেচা পৰিছে । বিভিন্ন বিভাগৰ মূৰব্বী সকলক ভিন ভিন দায়ীত্ব প্ৰদানেৰে ৰিটাৰ্নিং অফিচাৰ স্বয়ং উপায়ুক্ত যথেষ্ট ব্যস্ত । ৰাতি ১০টা মান বজাত এগৰাকী বিষয়াৰ উপস্থিতি নেদেখি বিষয়াক ফোনযোগে মাতিবলৈ কাৰ্য্যলয়ৰ এগৰাকী বয়োজ্যেষ্ঠ সহায়কক নিৰ্দেশ দিয়ে । বিষয়াগৰকী মহিলা । নিৰ্দেশমৰ্মে কাৰ্য্যালয়ৰ ফোনযোগে সংযোগ হোৱাত সেইফালেও এক পুৰুষে ফোন ধৰে । "উপায়ুক্তই বাইদেউক মাতিছে, আৰ্জেণ্ট" সিফালৰ পৰা উত্তৰ শুনি বয়োজ্যেষ্ঠ সহায়ক থতমত খাই ৰঙানীলা পৰিছিল । ফোনটো থৈয়েই উপায়ুক্তৰ ওচৰলৈ গৈ কথাবোৰৰ বিৱৰণ দিয়াত তৎক্ষণাৎ তেওঁ নিজে লৰ মাৰি ৰিডায়েল কৰি কৈছিল, "I want my officer at election cell right now" ১০ মিনিটত মহিলা বিষয়াগৰাকী হাজিৰ । এইখিনিতে (IAS) উপায়ুক্তই বুজাই দিছিল লোকসেৱাৰ সময় আৰু পৰিসীমা । মুল সাৰাংশঃ
Follow rule of law, Serve unbiasedly anywhere, anytime
Conclusion পৰিশিষ্টঃ
প্ৰত্যাহ্বান যথেষ্ট বৃদ্ধি হ'লেও সময় অতিক্ৰমো হোৱা নাই । এতিয়াও কিছূ সময় আছে । ঘোচ খাই কোনো ব্যক্তিয়ে ভাৰতৰ ধনী ব্যক্তিৰ তালিকাভূক্ত হ'ব নোৱাৰে । অসুবিধাত পৰিলে টকাৰো কোনো মূল্য নাথাকে । এক সুন্দৰ জীৱন যাপনৰ বাবে বিষয়া এজনে পোৱা দৰমহাই যথেষ্ট ।
- আমোলা-বিষয়াৰ স্বভাৱগত পৰিৱৰ্তনেহে ৰাজ্যৰ প্ৰকৃত উন্নতি সম্ভৱ ।
- হ'বনে চেতনাৰ পৰিৱৰ্তন ?

0 Comments