টেষ্ট মেচ চলি থকাতেই, প্ৰায় চাৰি দিন থাকোতেই, দ্বিতীয় দিনা চমকপ্ৰদ্ বেটিঙ কৰি থাকোতেই ৰাজ্যিক খেলুৱৈজনক অকস্মাৎ ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ অন্তৰ্ভূক্তিৰ বাবে আমন্ত্ৰণ । আমাৰ ৰাজ্যিক মেচত চৌকা-ছক্কাৰে বিপক্ষক ধৰাশায়ী কৰিব পৰা একমাত্ৰ খেলুৱৈ গৰাকীক ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ নিলে ৰাজ্যিক দলটো যথেষ্ট দুৰ্বল হ'বই । ৰাষ্ট্ৰীয় পৰ্য্যায়ত গলেও ওপৰৰ পৰাই কিছূ তত্বাৱধান কৰিব নিশ্চয় পাৰিব, যদিও নিজে খেলপথাৰত থকাৰ দৰে নহ'ব ।
প্ৰয়োজনীয় কৌশল, নেতৃত্ব দিব পৰা ব্যক্তিত্ব, চমকিত্ বুদ্ধিমত্তা, সময়োচিত সিদ্ধান্ত, কাৰ্যক্ষেত্ৰত কঠোৰতা প্ৰভৃতি গুণবিশিষ্ট খেলুৱৈজনক নিশ্চয় সুক্ষ্মতাৰে নিৰীক্ষণেৰে ৰাষ্ট্ৰীয় পৰ্য্যায়লৈ আমন্ত্ৰণ কৰা হৈছে । ২০১৯চনত ৰাষ্ট্ৰীয় দলৰ পুনৰ বাচনি হ'ব । সেয়েহে হয়তো ভাল ফলাফলেৰে পুনৰ খেল প্ৰেমী ৰাইজৰ পুনৰ সমৰ্থন লাভৰ আশাত ৰাষ্ট্ৰীয় দল নিৰ্বাচক মণ্ডলীয়ে আমাৰ খেলুৱৈ গৰাকীক বাচনি কৰিছে । নকৰিব নো কিয় ? বেটিঙৰ লগে লগে ব'লিং, ফিল্ডিং কৰাত নিপুণ খেলুৱৈজন । ফিল্ডিঙৰ নমুনা RS খেলত আৰু লগতে বলিঙত LS ও LA খেলবোেৰত প্ৰতিপক্ষক ধৰাশায়ী কৰাত কোনো ক্ৰুটি পৰিলক্ষিত হোৱা নাই !
অৱশ্যে এইজনা খেলুৱৈৰ বেটিঙত ছক্কাৰ কোবত বহু দৰ্শক,উপভোগকাৰী আহত হৈছে, আঘাতপ্ৰাপ্ত হৈছে । খেলুৱৈজনে নিম্নতম সৌজন্যসূচক এষাৰ বক্তব্যও নৰখাৰ বাবে বহু লোক, যিসকলে ভাল পাইছিল, বুকুত আঘাত পাই মগজুত আক্ৰোশ পুহি ৰাখিব পাৰে । ৰাজ্যিক খেল চলি থকা কালত বহুকেইটা তুচ্ছ কুটনীতি কৰা, বিসঙ্গতি সৃষ্টি কৰাও খেলুৱৈ গৰাকীৰ দৃষ্টিকটু পৰিঘটনা ।"চৰাই মৰে ৰৈ,মানুহ মৰে কৈ"খেলুৱৈ গৰাকীৰ ক্ষেত্ৰত প্ৰযোজ্য ফকৰা । খেলুৱৈ গৰাকীৰদ্বাৰা সঘনাই প্ৰত্যাক্ৰমণ আৰু কটু সমালোচনাৰ অভ্যাসে সাময়িক উপশম ও বিজয়ী উপলব্ধী লভিলেও, দূৰগামী পৰিণতিত বিয়োগাত্মক ফলাফল পোৱা যায় । সেয়েহে সংযমী হোৱা একান্তই প্ৰয়োজন বুলি ভাবো ।
ৰাজ্যবাসীৰ বাবে এয়া সুখবৰ বুলি ভাবিব নোৱাৰি যদিও ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভাল ফলাফলো আমাৰ বাবে সমানে জৰুৰী । ৰাজ্যৰ আশাসুধীয়া সকলৰ হকে কৰা অনুশীলনসমুহ কাৰ্য্যান্বয়ন কৰি, যোৱাৰ পূৰ্বে  এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিব নিশ্চিত ।
একালত ভাৱ হৈছিল, এইজনা ৰাজ্যতে আবদ্ধ হৈ নাথাকে। আমিও অনুমান কৰিব পাৰিছিলো কিছূ যে ওপৰ পৰ্য্যায়লৈ আগুৱাব । আজি বাস্তব যেন লাগি ভাৱ হৈছে, এই অভাজনৰ অনুমান কেতিয়াবা সঠিক হয় । পুনৰ কওঁ, ৰাজ্যবাসীক দেখুওৱা সপোন, যিবোৰ সপোন, এইজন খেলুৱৈহে সৰ্বাধিক দেখুৱাইছিল, পৰ্বতে-পাহাৰে-ভৈয়ামে, সেইবোৰ যেন যথাসম্ভৱ নিজহাতে বাস্তৱ কৰক ।
ৰাষ্ট্ৰীয় পৰ্য্যায়তে আন্তৰাষ্ট্ৰীয় খ্যাতি আৰ্জিত হয়, যাৰ বাবে আজিৰ বিশ্বৰ প্ৰতিজন লালায়িত । অসমৰ বাবে গৌৰৱ । শুভেচ্ছা জনালো ।

Post a Comment

0 Comments