Liquid Colahol




এলকিহ’ল

    আচলতে ই কোলাহ’লৰ বস্তু । ‘এল’ অৰ্থাৎ লিকুইড, পনীয়া । পনীয়াৰ প্ৰভাৱে কোলাহ’লৰ সৃষ্টি কৰে বাবেই ই এলক’হ’ল । বিজ্ঞানী সকলেও কিমান দকৈ, দুৰদৰ্শী চিন্তা-বিবেচনাৰে সিদ্ধান্ত লয়, ভাৱিলেও আচৰিত লাগে । কোন যুগত আৱিষ্কাৰ আৰু নামাকৰণ হ’ল..

Liquid Colahol


    আজি বুজি পোৱা গৈছে নামৰ ৰহস্য । বিশেষভাৱে প্ৰস্তুত এলক’হ’ল মানে পনীয়াৰ কোলাহল ক’ত নাই ! 
    দোকানে-বজাৰে, বিবাহে-সভাই সকলোতে বিদ্যমান । ৱাটচ্‌এপ ইউনিভাৰ্চিটি স্ক’লাৰৰ পৰা ফেচবুকিয়ান, টুটিৰিয়ান সকলোতে প্ৰভাৱমান কোলাহল । এই অতি ইন্টেলেক্‌চুয়েলসকলৰ বুদ্ধিমত্তাৰ ভয়ত ত্ৰস্তমান ননএলকহলীয়ান । সন্মানৰ খাতিৰত এলক’হলীয়ানবৃন্দৰ সন্মুখত, জ্ঞানৰ বন্তি নুমাবলৈ বাধ্য হৈ পৰে নন সকল । কাৰণ পনীয়া কোলাহলত নিহিত অপৰিসীম শক্তিৰ প্ৰভাৱে মন মগজুৰ সকলো কোষ উজ্জীৱিত কৰি সৰ্ব জ্ঞানী, নিমিষতে সৰ্বেসৰ্বা অনুভৱ প্ৰদান কৰি মহান কৰি তোলে । গাড়ীৰ পাৱাৰ ষ্টিয়াৰিঙৰ দৰে চিন্তা-ভাৱনা বিবেচনাক তুঙ্গস্থানত উপনীত কৰায় । ক্ষীপ্ৰ উন্মাদনা, তড়িৎ উত্তেজনাই চিৰাচৰিত লক্ষ্যস্থানত উপস্থিত হৈয়েই আৰম্ভ কৰে নিজৰ অস্তিত্ব জাহিৰ কৰা এক অঘোষিত ৰণ । 
    পৃথিৱীত যত যিয়েই বিষয় নহওক, তাতেই মহামাষ্টাৰ ডিগ্ৰী অভিজ্ঞতাৰ নিদৰ্শণ । বিশেষভাৱে পোহৰৰ উপস্থিতি থকা স্থান বা সময়তকৈ, পোহৰ বিহীণ ঠাইত,পৰিৱেশত ইয়াৰ প্ৰভাৱ বেছিকৈ পৰে । সেয়েহে এইশ্ৰেণীৰ বিৰাট গূনী-গেনীসকলে সুৰ্য্যাস্তলৈ দিনটো বাট চাই থাকে । প্ৰৱচন বা প্ৰচলন বুলি কোনো সুত্ৰৰ প্ৰয়োজন নাই, সকলো বিধাতেই অল্পকালে স্বতঃসিদ্ধ । মানে কম সময়ৰ বাবে নিজেই সৰ্বজ্ঞানী । 
    কম সময় মানে কিমান হ’ব পাৰে ? হয়তো এই প্ৰশ্নটোয়ে পাঠকৰ মনত প্ৰশ্ন জাগিছে । ‘কম সময়’ বুলিলে প্ৰভাৱকাল সূচায় । প্ৰভাৱকাল যিমানে দীঘলীয়া হয়, প্ৰবচনৰ মানদণ্ডও সেই অনুসাৰে তাৰতম্য ঘটে । অৱশ্যে ইয়াৰ মুল পৰিচয়ৰ পৰা কোনোপধ্যে দূৰলৈ নাযায় । অৰ্থাৎ কোলাহলৰ সৃষ্টি... তাৰ কাৰণ বা কাৰক হ’ব পাৰিলে নিজকে এভাৰেষ্ট বিজয়ী অনুভৱ কৰে । স্বয়ং ‘লাজ’ শব্দটোয়ে যথেষ্ট লজ্জাবোধেৰে আঁতৰি থাকে । কিয়নো লেঙেৰা এগৰাকীয়েও অলিম্পিকৰ দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে উদ্যত হয়, কিয়নো ইতিমধ্যে লাজে তাৰ সংগ ত্যাগ কৰা থাকে । প্ৰতিযোগিতাৰ প্ৰস্তুতিত প্ৰতিপক্ষক লেং মৰাৰ কৌশল প্ৰয়োগেই হয় প্ৰথম প্ৰয়াস । 
    এইবিধ বস্তুৰ এনে এক আচৰিত প্ৰভাৱ থাকে যে ইয়াৰ প্ৰভাৱকালত যিমানেই প্ৰতিক্ৰিয়া, যেনেকুৱাই প্ৰতিক্ৰিয়া নকৰক, ই বেলুনৰ দৰে ক্ৰমান্বয়ে ফুলে । লাগিলে ফুটি যাব, তথাপি ফুলি ফুলি আয়তন বৃদ্ধিত ব্ৰেক নহয় । অৱশ্যে প্ৰতিক্ৰিয়া নকৰিলে, পাত্তা নিদিলে ইয়াৰ অস্তিত্ব এটুকুৰ ৰবৰৰ দৰে ।

    অপাৰ মহিমাভৰা এইবিধটি সেৱক বৃন্দৰ অতি আদৰৰ,  চেনেহৰ লক্ষী বস্তু ।  সেয়েহে ইয়াৰ মহিমাৰ ওপৰত গৱেষণা কৰিয়েই এলক’হ’ল নামে নামাকৰণ কৰা হৈছে বুলি নিশ্চিত হ’ব পাৰি ।

    ৰসে ৰসাল, পনীয়াল প্ৰবচনৰ নমুনাত এটি কবিতাৰ কিয়দাঙ্শ স্মৰণ হৈছে, আগবঢ়ালো...

হাজাৰ হাজাৰ বছৰ আগৰ
কম কথা সত্য কালৰ
আছিল তেতিয়া সাতোটা সাগৰ, নাছিল তাত পানী
কোনোটোত ঘিউ, কোনোটোত মৌ, কোনোটোত চেনি ৷

হীৰাৰ গছত মাণিক লাগিছিল, সেই  সময়ত বোলে
ৰূপৰ কোমোৰাবোৰ আছিল লাগি ঘৰৰ চালে চালে ৷

ঘৰবোৰ আছিল সোণেৰে সজা
সুখীয়া আছিল সকলো প্ৰজা,
বহাগ বিহু বাৰ মাহে
ঘৰে ঘৰে লখিমীয়ে হাঁহে
দানশীল ধৰ্ম্মশীল অতি আছিল দেশৰ ৰজা
নাছিল চোৰ, নাছিল ডকাইত, আছিল কেনে মজা !

সকলো আছিল সমানৰ মানুহ, নাছিল কোনো সৰু
গাইবোৰ আছিল কামধেনু, গছবোৰ কল্পতৰু ৷

গাখীৰৰ নৈ গৈছিল বৈ
খালবোৰত আছিল এঠা দৈ
পদুমৰ পাতবোৰ আছিল লুচি
ৰসগোল্লা কঁঠালৰ মুচি
শিলগুটিবোৰ ঘিলাপিঠা
খাবলৈ আছিল বৰ মিঠা
মোহনভোগৰ তপত বালি আছিল তেতিয়া ৰৈ
কাছকণীবোৰ আছিল তাত কেঁচাগোল্লা হৈ ৷

আলিবাটৰ ধুলিবোৰ আছিল চানাচুৰ ভজা
সত্যে সত্যে সেই সত্য যুগত আছিল বৰ মজা ৷

Post a Comment

0 Comments