Tutors Teachers & Assam Govt.

সদৌ অসম প্ৰাদেশিকীকৃত মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক শিক্ষক(টিউটৰ) সংস্থাৰ এক প্ৰতিনিধিদলে যোৱা ৩ জুলাই ২০২৩ৰ পৰা গুৱাহাটীত বাহৰ পাতি, অসম মধ্য ইংৰাজী আৰু নিম্ন প্ৰাথমিক স্তৰৰ প্ৰাদেশিকীকৃত টিউটৰৰ হকে যথাসম্ভৱ কৰণীয়সমূহ কৰাৰ প্ৰয়াস কৰিছে । সংস্থাৰ সভাপতি ৰবীন্দ্ৰ বৰগোঁহাই, কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ, মুখ্য সম্পাদক ভূবন শৰ্মা, উপসভাপতি ৰঞ্জিত কুমাৰ বৰা, সম্পাদক আফজাল হুছেইন, আবুল কালাম আজাদ, বিটেন বৰা, গোকৰ্ণ মিশ্ৰ প্ৰমুখ্যে কেইবাগৰাকী ‘টিউটৰ’গুৰুৱে প্ৰতিনিধিত্ব কৰে ।


Tutors Teachers & Assam Govt.

অসমৰ টিউটৰ আৰু টিউটৰ শিক্ষক ।

নিৰ্ধাৰিত মন্ত্ৰী-বিষয়াক সাক্ষাৎ কৰি সংস্থাই টিউটৰসকলৰ মঙ্গল সাধনৰ বাবে আবেদন কৰাৰ লগতে আসন্ন আইন সংশোধনীৰ বাবেও এক প্ৰস্তাৱিত সংশোধনী পত্ৰ যুগুত কৰে ।

সাম্প্ৰতিক সময়ত, সংস্থাই যিসমূহ বিন্দু সন্দৰ্ভত অৱস্থিতিৰ ধাৰণা আয়ত্ত কৰিব বিচাৰে _ 

  • সাময়িক কিছু অন্তৰালত শিক্ষা বিভাগত টিউটৰসকলৰ সম্পৰ্কত এই চৰকাৰ বা শিক্ষা বিভাগৰ স্থিতি কেনেধৰণৰ ?

  •  প্ৰাদেশিকীকৰণ আইন ২০১৭ সংশোধন কৰাৰ বাবে চৰকাৰে কুচ-কাৱাজ কৰিছে । সংশোধনীত প্ৰাথমিক টিউটৰসকলক সকাহ দিয়াৰ কিবা পৰিকল্পনা আছেনে ?
  • প্ৰাদেশিকীকৃত টিউটৰসকলক শিক্ষকলৈ উন্নীতকৰণ সন্দৰ্ভত শিক্ষামন্ত্ৰীয়ে সততে কৈ থকা আইনী মেৰপেচবোৰ, শিথিল কৰি টিউটৰক উপকাৰ সাধন কৰিবনে ?
  •  সকলো বিষয়ত চুড়ান্ত সিদ্ধান্ত, পৰিকল্পনাৰ মুখ্য ব্যক্তি হ’ল মুখ্যমন্ত্ৰী । মুখ্যমন্ত্ৰীৰ ইচ্ছা-অনিচ্ছাৰ ওপৰতেই ন্যস্ত টিউটৰসকলৰ ভৱিষ্যত । তেখেতক সাক্ষাৎ কৰি বিষয়সমূহ দাঙি ধৰিব পাৰিলে কিছু সকাহ পোৱাৰ সম্ভাৱনা থাকিব । তেখেতক লগ পোৱা যাবনে ?
  • মুখ্যমন্ত্ৰীৰ মুখৰ পৰা টিউটৰ বিষয়ৰ ওপৰত মন্তব্য শুনিব পাৰিলেহে সংস্থাই ভৱিষ্যতৰ কাৰ্য্যপন্থা যুগুত কৰাত সুৱিধা হ’ব । ইতিপূৰ্বে কেইবা বাৰ আবেদন কৰা হৈছে, কিন্তু কোনো প্ৰত্যুত্তৰ, সঁহাৰি পোৱা নাই । ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ পাবনে সংস্থাৰ নেতৃত্বই ?
  • প্ৰাদেশিকীকৰণ আইন ২০১৭, চৰকাৰে সংশোধন কৰাটো নিশ্চিত । কিন্তু কোনবোৰ দফাৰ সংশোধনীৰে কি/কাৰ উপকাৰ সাধন কৰিব বিচাৰে, সেয়া জানিব পৰা নাই । চৰকাৰে টিউটৰসকলৰ উপকাৰ হ’ব পৰাকৈ সংশোধন কৰিবলৈ হ’লে যিসমূহ দফাৰ সংশোধনৰ প্ৰয়োজন আছে, সেই পৰামৰ্শসমূহ আবেদন ৰূপত প্ৰদান কৰিব সংস্থাই ।
Tutors Teachers & Assam Govt.
লক্ষ্যসমূহ সাৰোগত কৰি টিউটৰৰ পৰা শিক্ষকৰূপে উন্নীতকৰণ, উপযুক্ত বেতনৰ ব্যৱস্থা, RTE-2009মতে উপযুক্ত বিদ্যালয়সমূহ স্থায়ীকৰণ, বিষয় ভিত্তিত শিক্ষকৰ ব্যৱস্থাকৰণ হ’ব পৰাকৈ সংশোধনী প্ৰস্তাৱ যুগুত কৰিছে সংস্থাই । ৩ জুলাই তাৰিখে শিক্ষা সচিব শ্ৰী নাৰায়ণ কোঁৱৰ মহোদয়ক সাক্ষাৎ কৰিছে । আলোচনাত টিউটৰসকলৰ হকে কোনো ধৰণৰ পৰিকল্পনা চৰকাৰে গ্ৰহণ কৰাৰ কথা নুই কৰে অথবা অজ্ঞতা প্ৰকাশ কৰে । টিউটৰসকলৰ বেতন সন্দৰ্ভত তেখেতক অৱগত কৰি সংস্থাৰ প্ৰতিনিধিবৰ্গই আৰু সংশোধনী প্ৰস্তাৱ প্ৰদান কৰে । তেখেতে প্ৰস্তাৱসমূহ কিছু অধ্যয়ণ কৰি থয় আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিবলৈ আহ্বান জনায় । সংস্থাৰ নেতৃত্বই কিছুসময় সৌহাৰ্দ্যপূৰ্ণ আলোচনাত মিলিত হয় ।

S.N.Choudhury, Secretary, School Education Department ক সাক্ষাতৰ বাবে অপেক্ষা কৰে । তেখেত অনুপস্থিত আছিল যদিও প্ৰতিনিধি দলে যথেষ্ট সময় অপেক্ষা কৰা হয় যদিও পাঠ্যপুথি প্ৰকাশন নিগমৰো দায়ীত্বত থকা চৌধুৰী মহোদয় বৰ্তমান সেই কাৰ্য্যালয়তহে পোৱা যাব ।
প্ৰতিনিধিবৰ্গই তেখেতক লগ কৰাৰ আশা বাদ দি সন্ধিয়া শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে মনোনিবেশ কৰে । প্ৰতিনিধিবৰ্গৰ মাজত থকা পৰমানন্দ পেগু ডাঙৰীয়াই ততাতৈয়াকৈ সাক্ষাতৰ ব্যৱস্থা কৰাত ভিতৰলৈ সোমাই মন্ত্ৰীৰ সন্মুখত উপস্থিত হয় । অন্য কিছুলোকেও শিক্ষামন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰি থকাৰ মাজতে কক্ষলৈ সোমাইছিল অসম চৰকাৰৰ শিক্ষা উপদেষ্টা শ্ৰীযুত ননীগোপাল মহন্তদেৱ । সাক্ষাতৰ বাবে অহা বাকীসকলৰে কথা পতাৰ পিছতেই সংস্থাৰ প্ৰতিনিধিসকলৰ লগত কোনো সোধপোছ নকৰি উপদেষ্টা মহন্তদেৱক লৈ ভিতৰৰ কক্ষলৈ সোমাই যায় । ফলত বহুত অনিশ্চিত অপেক্ষাৰত হৈ ৰ’ল প্ৰতিনিধিবৰ্গ ।
উল্লেখযোগ্য যে, শিক্ষা সচিব নাৰায়ণ কোঁৱৰদেৱক সাক্ষাতৰ পিছতেই শিক্ষা উপদেষ্টা ননীগোপাল মহন্তদেৱক লগ কৰাৰ বাবে সংস্থাই তেখেতৰ কাৰ্যালয়লৈ গৈছিল । সেই সময়ত তেখেত উপস্থিত নথকাত প্ৰতিনিধিবৰ্গ বাহিৰলৈ ওলাই থকা সময়তে তেখেত চিৰিৰে ওপৰলৈ উঠি আহিছিল । কাৰ্যকৰী সভাপতি জীৱন তালুকদাৰ আৰু মুখ্য সম্পাদক ভূবন শৰ্মাই তেখেতক সম্ভাষণ জনোৱাত তেখেতে সঁহাৰি জনাই ভিতৰলৈ সোমাই যায় । প্ৰতিনিধিবৰ্গও পিছে পিছে গৈ সাক্ষাত কৰিব বিচাৰিলে যদিও এখন্তেক সময়ৰ পিছতে অনুমতি নাই বুলি কোৱা হয় । অতি দুঃখিত মনে প্ৰতিনিধিসকল বিমুখ হয় ।

সেই একেগৰাকী ব্যক্তিৰ বাবে শিক্ষামন্ত্ৰীৰ লগত সাক্ষাৎ অনিশ্চিত হৈ পৰিছিল । প্ৰায় ৩০ মিনিটৰ পিছত শিক্ষামন্ত্ৰীগৰাকী ওলাই চকীত বহিছিল যদিও উপদেষ্টাগৰাকী ওলোৱা নাছিল ।

প্ৰতিনিধিবৰ্গৰদ্বাৰা তেখেতক সংশোধনী প্ৰস্তাৱ আগবঢ়োৱা হয় । তেখেতে গ্ৰহণ কৰি “সংশোধনীৰ বাবে আপোনালোকৰ পৰামৰ্শ” বুলি কৈ পঢ়িবলৈ আৰম্ভ কৰে । অতি কম পৰিমাণৰ বেতনৰ কথা কোৱাত তেখেতে বিষয়টো বিবেচনাধীন বুলি ক’লে । প্ৰস্তাৱিত সংশোধনী পত্ৰৰ আখৰবোৰ সৰুকৈ লিখাৰ বাবে কিছু ডাঙৰকৈ লিখাৰ বাবে আহ্বান জনায় । পিছদিনা ৰাতিপুৱা পুনৰ লগ পোৱাৰ কথাৰে ৭ মান বজাত প্ৰতিনিধি দলটো তাৰ পৰা ওভতি আহে ।

পিছদিনা ৰাতিপুৱা সংশোধনী প্ৰস্তাৱলৈ পুনৰ শিক্ষামন্ত্ৰীৰ বাসভৱনলৈ যায় । ৯ঃ৩০ মান বজাত তেখেতৰ সাক্ষাৎ পোৱা যায় । তেখেতে সংশোধনী প্ৰস্তাৱ কিছু অধ্যয়ণ কৰে । তাৰ পিছৰ আলোচনাত TET প্ৰসঙ্গত কথাত তেখেতে RTE আৰু NCTE বিধিৰ কথা কয়, যিটো সংশোধন ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব নোৱাৰে । বেতন সন্দৰ্ভত নিবেদন কৰি, এক উপযুক্ত পৰিমাণৰ বেতনৰ বাবে আগ্ৰহ প্ৰকাশ কৰাত তেখেতে “এই বেতনত কিয় কৰি আছে?” বুলিহে প্ৰশ্ন কৰে । বহুতে এইটোকে পোৱাৰ বাবেও হেতা ওপৰা কৰা কথাও অস্পষ্ট ভাৱত প্ৰকাশ কৰে । তথাপি সংস্থাৰ তৰফৰ পৰা আগবঢ়োৱা প্ৰস্তাৱৰ ওপৰত কিছু গুৰুত্ব প্ৰদান কৰি উপযুক্ত মৰ্য্যাদা প্ৰদানৰ দিহা কৰিবলৈ অনুৰোধ জনাই দলটিয়ে প্ৰস্থান কৰে ।

পুনৰ দুপৰীয়া মুখ্যমন্ত্ৰী সচিবালয়লৈ গৈ PPS to CM, P. Kathkotiaক লগ কৰি মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ বাবে প্ৰচেষ্টা কৰা হয় । ইতিপূৰ্বে আবেদন কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী কাৰ্যালয় স্থিতি জনাৰ বাবে আৰু প্ৰয়োজনত পুনৰ আবেদন কৰাৰ বাবে যোৱা হয় । সভাপতি বৰগোঁহাই আৰু গোকৰ্ণ মিশ্ৰ ডাঙৰীয়া প্ৰৱেশ কৰে । মুখ্যমন্ত্ৰী কাৰ্যালয়ত উপস্থিত হলেও প্ৰশান্ত কাঠকটীয়াক পোৱা নগ’ল । তেখেত হয়তো কাৰ্য্যালয়লৈ অহা নাই । ফোনযোগে কথা পতাৰ প্ৰয়াস কৰে যদিও ফোন নধৰাত উপায়হীণ হৈ পুনৰ আবেদন পত্ৰ দাখিল কৰি আহে । এইবাৰ ডাকত আৰু email, দুয়োধৰণে আবেদন কৰা হৈছে বুলি জানিব পৰা গৈছে । তাৰ পিছতে আসন্ন আইন সংশোধনীৰ বাবে গঠণ কৰা উচ্চস্তৰীয় সমিতিৰ এগৰাকী সদস্যৰ সৈতে বৰগোহাইঁ আৰু মিশ্ৰ ডাঙৰীয়াই বাৰ্তালাপ কৰি টিউটকসকলৰ অনুৰোধ/নিবেদন ব্যক্ত কৰে ।
সঞ্চালকালয়লৈ ৰাওনা হোৱা একাংশ প্ৰতিনিধিয়ে সঞ্চালিকা মহোদয়াক সাক্ষাৎ কৰি টিউটৰৰ বেতন বৃদ্ধিৰ বাবে ব্যৱস্থা লবলৈ অনুৰোধ জনাই আবেদন পত্ৰ প্ৰদান কৰে । আইনমতে বৃদ্ধি হ’বলগীয়া ১২০০ টকাও প্ৰাথমিক পৰ্য্যায়ৰ টিউটৰসকলে পোৱা নাই আৰু এই বৃদ্ধিৰ ফলত যি পৰিমাণৰ মাহিলী বেতন পোৱা যাব, সেই ৰাশিৰে ঘৰ সংসাৰ চলোৱা অসম্ভৱ । সেয়েহে এক মৰ্যাদাপূৰ্ণ পৰিমাণৰ বেতনৰ বাবে তেখেতক অনুৰোধ জনায় । তেখেতে আবেদনটি পঢ়ি আইনমতে বৃদ্ধি হ’বলগীয়া পৰিমাণৰ ওপৰত ব্যৱস্থা নিশ্চয় লোৱা হ’ব বুলি মন্তব্য কৰে । তাৰ ওপৰঞ্চি হাৰৰ বাবে চৰকাৰেহে সিদ্ধান্ত লব লাগে বুলি মত ব্যক্ত কৰে । আবেদনটি ওপৰ মহলত প্ৰেৰণ কৰাৰ পৰিৱৰ্তে সঞ্চালকালয়ৰে সংশ্লিষ্ট বিষয়াসকলৰে আলোচনা কৰাৰ কথা ব্যক্ত কৰে । তেখেতে আন্দোলনৰ সম্ভাৱনাৰ বিষয়ত প্ৰশ্ন কৰি কয় যে আন্দোলন কৰাসকলে মুখ-থেকেচাহে খাব এই চৰকাৰৰ দিনত । সেয়েহে তেনেধৰণৰ পথ নললেই মঙ্গল বুলি কয় । লগতে মুখ্য সম্পাদকৰ চীলত ইংৰাজীত "Chief Secretary" লিখাত, ৰাজ্য এখনত এই পদত এজনেই থাকে বুলি কৈ “General Secretary” বুলি লিখিবলৈ পৰামৰ্শ প্ৰদান কৰে । সঞ্চালিকা মহোদয়ৰ আহ্বান সংস্থাই নিশ্চয় গ্ৰহণ কৰিব আৰু আমাৰ নিবেদন গ্ৰাহ্য হ’লে কোনো আন্দোলনৰ প্ৰশ্নই নাথাকে বুলি প্ৰতিনিধিবৰ্গই মত প্ৰকাশ কৰে ।
তাৰ পিছতে Base/Self-Base School সন্দৰ্ভত Dy.Director Tabassum বাইদেউৰ লগত আলোচনা কৰা হয় । তেখেতে সকলো জিলাৰ পৰা অহা Self Base proposal চৰকাৰলৈ প্ৰেৰণ কৰা হ’ল বুলি জানিব দিয়ে । শেষত কিছু সময় চক্ৰৱৰ্তী ডাঙৰীয়াক লগ ধৰি বাৰ্তালাপ কৰে সংস্থাৰ নেতৃবৃন্দই ।
আবেলি পুনৰ প্ৰতিনিধিবৰ্গ হোটেলৰ কক্ষত মিলিত হৈ পৰৱৰ্তী কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰে ।


উপলব্ধিঃ ২০২১ চনত প্ৰাদেশিকীকৃত টিউটৰসকলক লৈ চৰকাৰৰ কোনো পৰিকল্পনা স্পষ্ট নাই । বেতন বৃদ্ধি সন্দৰ্ভত যদিও কিবা বুজাবুজি হৈছে, সেয়া একমাত্ৰ মুখ্যমন্ত্ৰীৰ মুখেৰেহে প্ৰকট হ’ব পাৰে, অন্য কোনেও নকয়/কব নোৱাৰে । প্ৰাথমিক পৰ্য্যায়ৰ টিউটৰতকৈ মাধ্যমিক/উচ্চ মাধ্যমিক টিউটৰসকলৰ প্ৰতি চৰকাৰৰ নমনীয়তা থাকিব পাৰে, প্ৰাথমিক স্তৰৰ টিউটৰৰ প্ৰতি নমনীয়তা নাই বৰং কঠোৰ স্থিতিহে দেখা যায় ।
বেতন বৃদ্ধিৰ বাবে বিবেচনা কৰা আৰু সিদ্ধান্ত লব মুখ্যমন্ত্ৰীয়েহে । তেখেতক সাক্ষাতৰ অনুমতি নোপোৱালৈকে একো কব পৰা নাযায় । যদি শিক্ষকলৈ উন্নীতকৰণ কৰাৰ পৰিকল্পনা থাকিলে হয়, ইতিমধ্যে অৰ্হতা সম্পন্ন সকলৰ ফাইলৰ কাম হৈ গ’লেহেতেন । সেই কামো এতিয়ালৈকে হোৱা নাই ।
আইনী দিশত আগবাঢ়িব লাগে বুলি সংস্থাৰ মজিয়াত আলোচনাৰ প্ৰয়োজন হৈছে ।


Conclusion:
পৰিশেষ: কাম-কাজ সম্বন্ধীয় সকলো বিষয় সামৰি প্ৰস্তুত কৰা বিৱৰণীটিৰ দ্বাৰা চৰকাৰৰ সাম্প্ৰতিক স্থিতি স্পষ্টভাৱে অনুমান কৰিব পাৰি ।টিউটকসকলৰ দ্বাৰা ৱাটচ্গ্ৰুপসমূহত বিভিন্নজনৰ ভিন ভিন লিখনি পঢ়িবলৈ পোৱা যায় । নেতৃত্বৰ প্ৰতি তুচ্ছ-তাচ্ছিল্যৰে কৰা মন্তব্যই যথেষ্ট মনোকষ্ট ভোগ কৰিব লগা হৈছে । সকলো মানুহ একে নহয় । কোনোবাই তুচ্ছ-তাচ্ছিল্য কৰি ভাল পায়, কোনোবাই অনুভৱ-উপলব্ধিৰ কথা কৈ ভাল পায় । কোনোবা কৃতি শিক্ষকৰ যোগ্য, কোনোবাই আকৌ বানান পৰ্যন্ত শুদ্ধকৈ লিখিব নোৱাৰা টিউটৰ, এই টিউটৰ সমাজত আছে । সকলোৰে চিন্তা-বিবেচনা একে নোহোৱাটো স্বাভাৱিক । সকলো কাম সকলোৱে কৰিব নোৱাৰে ।
অহা ২০ জুলাই ২০২৩ৰ ভিতৰতে এটা দিন নিৰ্ধাৰণ কৰি সংস্থাৰ সাধাৰণ সভাৰ আয়োজন কৰাৰ কথা ঘোষণা কৰা হৈছে । উক্ত সভাত সকলো বিষয় আলোচনা কৰি নতুন পৰিকল্পনাৰে নতুন ৰূপত পুৰ্ণ উদ্যমে কাৰ্যসূচী লোৱাৰ বাবে আহ্বান জনোৱাৰ কথা ।

Post a Comment

0 Comments