Chandrayaan - 3 ISRO reveals MISSION READY চন্দ্ৰযান-৩

 

Chandrayaan - 3  ISROৰ ঘোষণা চন্দ্ৰযান-৩ ৰ প্ৰক্ষেপনৰ দিন ।


চন্দ্ৰৰ এটা দিন, পৃথিৱীৰ কিমান ?

১৪ জুলাই ২০২৩ত আৰম্ভ হ’ব চন্দ্ৰযান-৩ প্ৰক্ষেপন আৰু ২৩ বা ২৪ আগষ্টত চন্দ্ৰ পৃষ্ঠত মৃদু অৱতৰণ হোৱাৰ সম্ভাৱনা কৰা হৈছে ।



Chandrayaan - 3 ISRO reveals Mission Ready  চন্দ্ৰযান-৩ৰ বিষয় কিছু কথা !

চন্দ্ৰপৃষ্ঠত নিৰাপদ অৱতৰণ আৰু ঘূৰি ফুৰাৰ ক্ষেত্ৰত চুড়ান্ত সামৰ্থ্য সম্পন্ন চন্দ্ৰযান-২ৰ এক অনুসৰণমূলক অভিযান হৈছে চন্দ্ৰযান-৩ Chandrayaan-3.

HIGHLIGHTS:

  • LVM-3[Launch Vehicle Mark-III]ৰ দ্বাৰা উৎক্ষেপণ কৰিব চন্দ্ৰযান-৩ মহাকাশযান ।

  • ইয়াত তিনিটা মডিউল থাকিব — প্ৰপালচন[Propulsion], লেণ্ডাৰ[Lander], আৰু ৰ'ভাৰ[Rover].

  • মাৰ্চ মাহত চন্দ্ৰযান-৩ মহাকাশযানে অত্যাৱশ্যকীয় পৰীক্ষা সফলতাৰে সম্পূৰ্ণ কৰিছে ।


ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ঘোষণা কৰিছে যে ১৪ জুলাইৰ বিয়লি ২.৩৫ বজাত চন্দ্ৰযান-৩ অভিযান আৰম্ভ হ’ব । আগষ্ট মাহৰ ২৩ বা ২৪ তৰিখে এই লেণ্ডাৰখনে চন্দ্ৰৰ পৃষ্ঠত মৃদু অৱতৰণ কৰাৰ সম্ভাৱনা আছে।

LVM-3(পূৰ্বতে GSLV Mk III বুলি কোৱা হৈছিল)ৰ দ্বাৰা উৎক্ষেপণ কৰিবলগীয়া চন্দ্ৰযান-৩ মহাকাশযানখন তিনিটা মডিউলৰ সংমিশ্ৰিত -- প্ৰপালচন, লেণ্ডাৰ, আৰু ৰভাৰ (যিখন লেণ্ডাৰৰ ভিতৰত ৰখা হৈছে) .

ৰাষ্ট্ৰীয় মহাকাশ সংস্থানৰ মুখ্য কাৰ্যালয়ৰ পৰা এক টুইটযোগে কোৱা হয় যে, 
"১৪ জুলাই, ২০২৩ তাৰিখে ভাৰতীয় সময় অনুসৰি বিয়লি ২:৩৫ বজাত বজাত. সতীশ ধৱন মহাকাশ কেন্দ্ৰ, SDSC, শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ৰ উৎক্ষেপণৰ দিহা কৰা হৈছে ।"
  • ৰাষ্ট্ৰীয় মহাকাশ বিভাগৰ সচিব আৰু ইছৰো(ISRO)ৰ অধ্যক্ষ সোমনাথ এছে সাংবাদিকৰ আগত কয় যে মহাকাশ সংস্থাটোৱে ২৩ আগষ্ট বা ২৪ আগষ্টত লেণ্ডাৰখন মৃদু অৱতৰণ কৰাৰ চেষ্টা কৰিব।
ISRO ইছৰোৰ বিষয়াসকলৰ টোকা মতে লেণ্ডাৰখনৰ অভিযান আয়ুস এটা চন্দ্ৰ দিন, যিটো ১৪ পৃথিৱী দিনৰ সমান ।
  • চন্দ্ৰত কেতিয়া সূৰ্য্য উদয় হয় তাৰ ওপৰত ভিত্তি কৰি অৱতৰণৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰা হয় । অৱতৰণৰ সময়ত সূৰ্যৰ পোহৰ থাকিব লাগিব। পৃথিৱীৰ মতে ১৪-১৫ দিন চন্দ্ৰত সূৰ্যৰ পোহৰ থাকে আৰু পৰৱৰ্তী ১৪-১৫ দিনৰ বাবে নাথাকে।
    চন্দ্ৰযান-৩ অভিযানত চন্দ্ৰৰ ৰেগলিথৰ তাপ-ভৌতিক[Thermo-physical]ধৰ্ম, চন্দ্ৰৰ ভূমিকম্পীয়তা[Lunar seismicity], চন্দ্ৰ পৃষ্ঠৰ প্লাজমা পৰিৱেশ[Lunar surface plasma environment] আৰু অৱতৰণ স্থানৰ ওচৰৰ মৌলিক গঠন অধ্যয়নৰ বাবে বৈজ্ঞানিক যন্ত্ৰপাতি কঢ়িয়াই লৈ যাব ।

    “চন্দ্ৰৰ পৰা বিজ্ঞান" বিষয়বস্তুৰ লগত খাপ খোৱাকৈ লেণ্ডাৰ আৰু ৰভাৰত থকা বৈজ্ঞানিক যন্ত্ৰসমূহৰ পৰিসৰ "চন্দ্ৰৰ বিজ্ঞান"ৰ লগত খাপ খাব যদিও আন এটা পৰীক্ষামূলক যন্ত্ৰই চন্দ্ৰৰ কক্ষপথৰ পৰা পৃথিৱীৰ spectro-polarimetric signaturesৰ অধ্যয়ন কৰিব । ইছৰোৰ বৈজ্ঞানিকসকলে সদৰি কৰিছে ।

    চলিত বৰ্ষৰ মাৰ্চ মাহত চন্দ্ৰযান-৩ মহাকাশযানখনে সফলতাৰে অত্যাৱশ্যকীয় পৰীক্ষাসমূহ সম্পূৰ্ণ কৰিছে যিয়ে মহাকাশযানখনে উৎক্ষেপণৰ সময়ত সন্মুখীন হ’বলগীয়া তীব্ৰতৰ কম্পন আৰু শব্দ পৰিৱেশ সহ্য কৰাৰ ক্ষমতাক বৈধতা প্ৰদান কৰে ।

    চন্দ্ৰ কক্ষপথৰ পৰা পৃথিৱীৰ বৰ্ণালী আৰু প’লাৰিমেট্ৰিক জোখ-মাখ অধ্যয়ন কৰিবলৈ স্পেকট্ৰ’-প’লাৰিমেট্ৰি অৱ হেবিটেবল প্লেনেট আৰ্থ (SHAPE) পেলোড থকা প্ৰপালচন মডিউলে চন্দ্ৰ কক্ষপথৰ ১০০ কিলোমিটাৰলৈকে লেণ্ডাৰ আৰু ৰভাৰ কনফিগাৰেচন কঢ়িয়াই নিব।

  • লেণ্ডাৰ পেলোডসমূহ হ’ল:  তাপ পৰিবাহীতা আৰু উষ্ণতা জুখিবলৈ ‘চন্দ্ৰৰ পৃষ্ঠ তাপভৌতিক পৰীক্ষা’; অৱতৰণ স্থানৰ চাৰিওফালে ভূমিকম্পীয়তা জুখিবলৈ ‘চন্দ্ৰ ভূমিকম্পীয় কাৰ্য্যকলাপৰ বাবে আহিলা’; আৰু প্লাজমাৰ ঘনত্ব আৰু ইয়াৰ তাৰতম্য অনুমান কৰিবলৈ লেংমুইৰ প্ৰ’ব[Langmuir Probe]।


আমেৰিকাৰ মহাকাশ সংস্থা নেচনেল এৰ’নটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেচন [NASA]ৰ এটা পেচিভ লেজাৰ ৰেট্ৰ’ৰিফ্লেক্টৰ এৰেও[Laser Retroreflector Array] চন্দ্ৰৰ লেজাৰ ৰেঞ্জিং অধ্যয়নৰ বাবে ৰখা হৈছে।

  •  ৰ’ভাৰৰ পেলোডসমূহ হ’ল: অৱতৰণ স্থানৰ ওচৰৰ মৌলিক গঠন উলিয়াবলৈ ‘আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰ’মিটাৰ’[Alpha Particle X-ray Spectrometer] আৰু ‘লেজাৰ ইনডুচড ব্ৰেকডাউন স্পেকট্ৰ’স্কপি’[Laser Induced Breakdown Spectroscopy] ।

লেণ্ডাৰখনে এটা নিৰ্দিষ্ট চন্দ্ৰ স্থানত মৃদুভাৱে অৱতৰণ কৰাৰ ক্ষমতা থাকিব আৰু ৰ’ভাৰখন নিয়োগ কৰিব যিয়ে ইয়াৰ গতিশীলতাৰ সময়ছোৱাত চন্দ্ৰৰ পৃষ্ঠৰ স্থানীয় ৰাসায়নিক বিশ্লেষণ কৰিব।


প্ৰপালচন মডিউলৰ মূল কাম হ’ল লঞ্চ বাহনৰ ইনজেকচনৰ পৰা চন্দ্ৰৰ ১০০ কিলোমিটাৰ বৃত্তাকাৰ মেৰু কক্ষপথলৈকে লেণ্ডাৰ মডিউলটো কঢ়িয়াই নি পৃথক কৰা । ইয়াৰ উপৰিও প্ৰপালচন মডিউলত বিশেষ সংযোজন হিচাপে এটা বৈজ্ঞানিক পেলোডো আছে যিটো লেণ্ডাৰ মডিউলৰ পৃথকীকৰণৰ পিছত চলোৱা হ’ব বুলি উল্লেখ কৰা হৈছে ।


Conclusion:
পৰিশেষত....
    ভাৰতীয় মহাকাশ গৱেষণা সংস্থানৰ তৃতীয় চন্দ্ৰ অভিযানে সফলতা লাভ কৰিব বুলি বৈজ্ঞানিক মহল আশাবাদী হোৱাৰ লগতে সমগ্ৰ দেশবাসীয়ে গৌৰৱময় ক্ষণৰ বাবে অপেক্ষা কৰিব । ১৪ জুলাইৰ উৎক্ষেপনৰ ৪৫ৰ পৰা ৪৮ দিনৰ ভিতৰত চন্দ্ৰপৃষ্ঠত বিক্ৰম লেণ্ডাৰে মৃদু অৱতৰন কৰিব বুলি পূৰ্ণ সম্ভাৱনা কৰা হৈছে । এইবেলি বিশ্বৰ চতুৰ্থ দেশৰূপে চন্দ্ৰযান-৩ অভিযানে গৌৰৱ কঢ়িয়াব বুলি আশাবাদী ।
    ভাৰতীয় মহাকাশ বিজ্ঞানৰ পিতৃস্বৰূপ বিক্ৰম চাৰাভাইৰ নামত লেণ্ডাৰখনৰ নামাকৰণ বিক্ৰম ৰখা হৈছে । ৰ’ভাৰখনৰ নাম কি ৰখা হৈছে জানেনে !!





Post a Comment

0 Comments