KAZIRANGA meet কাজিৰঙাৰ বিশেষ সভা

হাতীমুৰা পাহাৰ । বৰ গুৰুত্বপূৰ্ণ সভা বহিছে । অকস্মাৎ জৰুৰীভাৱে আয়োজন কৰা সভাত সকলো সভাসদ এতিয়াও আহি পোৱাহি নাই।

#delimitation

সমষ্টি পুনৰ্নিৰ্ধাৰণ Delimitation  https://bhubansharmaarena.blogspot.com/

খবৰটো প্ৰথমে বান্দৰে পাইছিল । খবৰ পোৱাৰ লগে লগে বান্দৰৰ গাত তৎ নাইকীয়া । প্ৰথমেই দেখা পালে হাতী । হাতীমূৰা পাহাৰৰ টিলাত থকা হাতীয়ে কথাখিনি শুনাৰ পিছত ক’লে, সকলোকে খবৰ দিবলৈ । সেইমতে বান্দৰে সকলোকে মাতিলে । হাতীমূৰা পাহাৰৰ টিলাতে বহিছে সভা ।আজিকালি সভাবোৰ য’তে ত’তে বহে । আচলতে নিয়মেই কৰা হৈছে । সকলো ঠাইৰ সোৱাদ লবও পাৰি, ঠাইসমূহ পৰিদৰ্শনৰ চলেৰে উপভোগ কৰিবও পাৰি । কোনোবা চিনাকী বা খাতিৰদাৰ পালে যথেষ্ট লাভ হোৱাৰো চান্স নথকা নহয় । সেয়েহে সভাবোৰ সকলো চূকত পতাৰ নিয়ম কৰি থৈছে । অৱশ্যে এইবাৰৰ সভা হাতীমূৰাত হোৱাৰ কাৰণ বেলেগ । চাৰিওফালে পানী । ভৰ বাৰিষা নহ’লেও বছৰটোৰ প্ৰথম নেৰানেপেৰা বৰষুণে বানপানীৰ সৃষ্টি হৈ গৈছে । সেয়েহে টিলাত উঠিব লগা হ’ল ।

ইতিমধ্যে গঁড়, হাতী, বাঘ, গাহৰি, মহ, হৰিণ, বৰটোকোলা, কোকোঁৰা সকলো সভালৈ আহিল । কাচয়েও টিলাৰ নামনিতে পানীৰ পৰা মুখখন ওলিয়াই উপস্থিতি দিলে । তেনেতে বান্দৰে গছে গছে বগাই সভাস্থলীৰ ওচৰত গছৰ ডালত বহি কলে,

  • সকলোকে পালোঁ, খবৰ দিলো হাতীকাই কিন্তু শিয়ালকহে নাপালো ।
  • ক’ৰবাত কেম্পেইন কৰি আছে হ’বলা । হ’ব দে, এতিয়া কচোন, কি ঘটনা, কি শুনা পাইছিলি !
  • তাকেই কিয় ইমান তাৎক্ষণিক মিটিং কৰিবলগা হ’ল, কি কথা ক’ । মই পিতনিৰ পৰা কিমান কষ্টৰে আহিব লগা হ’ল ।

গঁড়েও এইখিনি কৈ গছ এটাত পিঠি খজুৱাব ধৰিলে । 

তেনেতে মাটিত মুখ লগাই চুচুক চামাক কৈ শিয়াল হাজিৰ হ’ল । শিয়ালক দেখি বাঘে গুজৰিলে,

  • ক’ত আছিলি তই ? বিচৰিলেও পোৱা নাযায় যে !
  • নাই মানে হুজুৰ, মই অকমাণ বাহিৰলৈ গৈছিলোঁ । 
  • বাহিৰলৈ গৈছিলি ? কিয় ??
  • আমাৰ ইয়াত তো পানীয়েই পানী । সেয়েহে বাহিৰত থকা গাঁৱখনতে অকমাণ ফুৰি আহিলোঁ । 
  • আজিৰ এই ইমাৰজেন্সি মিটিঙৰ বিষয় তই গম পাইছনে নে নাই ? 

গাহৰিয়ে শিয়ালক সুধিলে । গাহৰিৰ ফালে খঙেৰে চাই শিয়ালে ক’লে,

  • কেলেই নাজানো ! নজনাকৈ ইয়ালৈ আহিছো নেকি !
  • তোক দেখোন বিচাৰিয়েই নাপায় ।
  • হ’ব হ’ব । এতিয়া আচল কথালৈ আহোঁ । কি শুনিছিলি তই ক !

বান্দৰে কলে,

  • মই ৰাস্তাৰ দাতিত থকা মানুহ বহা এচলীয়াত বহি আছিলোঁ । তাতেই এজনে মোবাইলত নিউজটো চাই আছিলে । প্ৰথমে মই মন দিয়া নাছিলো, কিন্তু যেতিয়া কাজিৰঙা বুলি উল্লেখ হ’ল তেতিয়া মন দি শুনিলো । মই বিতং খবৰ লৈ গম পালো যে কাজিৰঙাক এইবাৰ দিল্লীলৈ লৈ যোৱাৰ পাং পাতিছে । মোক খং উঠিল, ভয়ো লাগিছে । এতিয়া আমি কি কৰোঁ । সেইকথাটো হাতীকাইক কোৱাত এই মিটিং মতা হ’ল ।
  • মই হ’লে ক’তো নাযাওঁ দেই । গাহৰিয়ে বক্তব্য দিলে ।
  • মইও নাযাওঁ ।
এইবুলি কাচটোৱেই পুলুকা মাৰি পানীৰ তলত সোমাই গ’ল ।

বৰটোকোলাই ক’লে, 

  • কথাটো মিছা নহয় যদিও ঠিক তেনেকুৱা নহয় চাগে । মই গম পোৱা মতে এইবাৰ কাজিৰঙাৰ পৰা দিল্লীলৈ প্ৰতিনিধিহে যাব হবলা । যি যাব সি সকলোৰে বাবে কাম কৰিব । 

বৰটোকোলাৰ কথা সকলোৱে গম্ভীৰভাৱে ভাৱিলে । হয়েইতো, “কাজিৰঙাক কেনেকৈ নিব পাৰিব” বৰটোকোলাৰ বিবেচনাটো সঠিক বুলি নিশ্চিত হ’ল । শিয়ালেও কথাটোৰ উমান পাই বাঘৰ কানত ফুচফুচাই কিবা কথা শুনালে । গাহৰিয়ে কলে...

  • এতিয়া উপযুক্ত প্ৰতিনিধি বাচিব লাগে । যিজনে দিল্লীলৈ গৈ আমাৰ কাম কৰিব লাগে । বানপানীৰ সময়ত আমি জীয়াই থকাৰ বাবে ব্যৱস্থা কৰিব লাগে । মাটিয়েই দেখিবলৈ পোৱা নাযায়, সৱ পানী পানী, বানপানী । এইবোৰৰ ব্যৱস্থা কৰিব লাগে । 

  • এতিয়া কাক পঠিয়াব ? সিদ্ধান্ত লওক ।

হাতীয়ে কলে,

  • কিয়, আমাৰ গৌৰৱ আছেই নহয়, তেৱেঁই হ’ব প্ৰতিনিধি ।

শিয়ালে তপৰাই কৈ পেলালে

  • নাই নাই, আমাৰ গৌৰৱ দিল্লী নাযায় ! তেওঁ কাজিৰঙাৰ মান-মৰ্য্যাদা । 

শিয়ালৰ কথা শুনি গঁড়ে কলে_

  • এৰা, শিয়ালভাইয়ে ঠিকেই কৈছে, স্থান এৰিলে মান হেৰায় । মই ইয়াতে থাকিম, কলৈকো নাযাওঁ । 
  • তেতিয়াহলে কাক পঠাব ?
  • বাঘ ডাঙৰীয়াই ভাল হ’ব ।
  • ময়ো নাযাও তালৈ । যি ঠাইত, যিটো ঘৰত সিংহ চাৰিটাই আমালৈ চাই হাঁহি থাকে, মোৰ সহ্য নহয়, তাত মই কোনোপধ্যে নাযাওঁ । হাতী ডাঙৰীয়া, আপুনি যাওক নহ’লে এই শিয়ালটো যাব ।

কথাখিনি শুনি হাতীয়ে কলে,

  • মই অকমাণ দুৰ্বল হৈছো অ, নহলে নোযোৱাকৈ নাথাকিলো হয় । গতিকে শিয়ালকে বাচনি কৰা হওক ।

সকলোৱে হয়ভৰ দিলে ।

শিয়ালে অতি ফুৰ্তি পালেও বাহিৰত উপায় নাই ভাৱ দেখুৱালে । বাঘৰ কানত কুটকৌশলী শৰ মাৰি নিজৰ পথ মোকলাই ললে ।

Conclusion: 

যোগ্য ভোগ্য বসুন্ধৰা । বুদ্ধি কম বেছি সকলোৰে থাকে, কিন্তু সেই বুদ্ধি সঠিক ক্ষণত প্ৰয়োগ কৰাটোহে মুলতে বুদ্ধিয়ক । সুৱিধাত সুযোগ ধৰিব পাৰিলে সফলতা লাভ কৰাৰ উদাহৰণেই নহয়, প্ৰমাণ পোৱা যায় । ধুৰ্তসকলে সদায় কুটকৌশল প্ৰয়োগ কৰে ।


https://bhubansharmaarena.blogspot.com/2018/06/Daily-.html

Post a Comment

0 Comments