Bishnu Prasad Rabha কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

অসমৰ জাতীয় জীৱনত যিকেইগৰাকী মহীৰূহে নিজৰ কৰ্মকুশল সৃষ্টিৰাজিৰে চমকিত, অবিস্মৰণীয় সাঁচ বহুৱাই  থৈ গৈছে, তাৰ ভিতৰত অন্যতম আছিল কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱ । একেধাৰে নৃত্যবিদ, গায়ক, নাট্যকাৰ, অভিনেতা, সংগীতজ্ঞ, চিত্ৰকৰ, ৰাজনীতিবিদ, সাহিত্যিক, নিপুণ বক্তা, খেলুৱৈ আদি অলেখ অলঙ্কাৰে অলঙ্কৃত কলাগুৰু আছিল সঁচা অৰ্থত অসমৰ কলা, সংস্কৃতি আৰু সমাজ জীৱনৰ এগৰাকী ৰৌদ্ৰোজ্জ্বল ব্যক্তিসত্তা ।

  • ২০২৩ চনৰ ২০ জুন তাৰিখে অসমবাসী শ্ৰদ্ধাৰে স্মৰণ কৰি  “ৰাভা দিৱস” উদ্‌যাপন কৰিব কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা ৰ ৫৪ সংখ্যক  পুণ্যতিথি ।

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা


কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা

বিষ্ণু প্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী সাংস্কৃতিক অনুষ্ঠান সদৃশ ব্যক্তিত্ব । সমন্বয়ৰ সাংস্কৃতিক আন্দোলনৰ হোতা স্বৰূপ তেওঁৰ লোক সংস্কৃতি আৰু ধ্ৰুপদী পৰম্পৰাৰ সংমিশ্ৰিত নিপুণতাই সকলোকে আকৰ্ষণ কৰিছিল । অনন্য প্ৰতিভাৰ নক্ষত্ৰস্বৰূপ বিষ্ণু প্ৰসাদ ৰাভাদেৱ “কলাগুৰু”ৰূপে অসমৰ ৰাইজৰ হিয়াৰ মণি ।

জন্ম, শিক্ষা আৰু আন্দোলন:

১৯০৯ চনৰ ৩১ জানুৱাৰীত ব্ৰিটিছ ভাৰতৰ বেংগল প্ৰেচিডেন্সিৰ ঢাকাত বিষ্ণু প্ৰসাদ ৰাভাৰ জন্ম  হৈছিল । তেওঁৰ মাতৃৰ নাম আছিল গেথি মেচ আৰু পিতৃৰ নাম আছিল ৰায়বাহাদুৰ গোপাল চন্দ্ৰ মুচাহাৰী, ব্ৰিটিছ শাসনৰ এগৰাকী আৰক্ষী । বড়ো পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যদিও তেওঁ এটা ৰাভা পৰিয়ালৰ দ্বাৰা ডাঙৰ দীঘল  হৈছিল, সেয়েহে ‘ৰাভা’ উপাধি গ্ৰহণ কৰিছিল । 

বিষ্ণু প্ৰসাদ ৰাভাই নিশাপুৰ চৰকাৰী উচ্চ বিদ্যালয়ত পঢ়িছিল আৰু পিছত উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল । তেওঁ ছেইণ্ট প’লচ্ কেথ্ড্ৰেল মিশ্বন কলেজৰ পৰা আই.এছচি. পৰীক্ষা সম্পূৰ্ণ কৰে আৰু বি.এছচি. ডিগ্ৰী লাভ কৰি কলিকতা বিশ্ববিদ্যালয়ৰ ৰিপন কলেজত (বৰ্তমান সুৰেন্দ্ৰনাথ মহাবিদ্যালয়) যোগদান কৰে।

ৰাভাদেৱে ভাৰতীয় স্বাধীনতাৰ সংগ্ৰামত সক্ৰিয় ভূমিকা পালন কৰিছিল। তেওঁ বাওঁপন্থী ধাৰণাসমূহৰ দ্বাৰা প্ৰভাৱিত হৈছিল । সমাজৰ দুৰ্বল শ্ৰেণীৰ উন্নয়ণ আৰু মুক্তিৰ প্ৰতি তেওঁৰ আগ্ৰহ তেওঁৰ প্ৰতিটো কাৰ্য্যত দৃশ্যমান আছিল । বিশিষ্ট স্বাধীনতা সংগ্ৰামী ৰাভাদেৱৰ স্বাধীনতাৰ অৰ্থ কেৱল ব্ৰিটিছ শাসনৰ পৰা মুক্তি নহয় । তেওঁৰ অৰ্থ আছিল পুঁজিবাদৰ পৰা মুক্তি, মজুৰি-দাসত্বৰ পৰা মুক্তি, দৰিদ্ৰতাৰ পৰা মুক্তি । স্বাধীনতা আন্দোলনৰ বাবে তেওঁ গোটেই জীৱন উৎসৰ্গা কৰিছিল ।

সংগ্ৰাম, ৰাজনীতি আৰু সাংস্কৃতিক জীৱনঃ

  • ৰংপুৰ কলেজত পঢ়ি থকা কালতে ৰাভাদেৱে ‘বাঁহী’ আলোচনীৰ চিত্ৰলেখা বিভাগটো পৰিচালনা কৰিছিল আৰু ‘আৱাহন’ আলোচনীত প্ৰবন্ধ-পাতি লিখা-মেলা কৰিছিল।একৈশ বছৰ বয়সীয়া ভিক্টোৰিয়া কলেজৰ ছাত্ৰ বিষ্ণু প্ৰসাদ ৰাভাই ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল আৰু বৃটিছ শাসনৰ বিৰুদ্ধে কবিতা লিখি আঁৰি দিছিল । 

  • কবিতাটি আছিল
“ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা
ৰাজ্যেৰ যদি মঙ্গল চাওঁ
দুইটি পাঠাই বলি দাওঁ।”

  • ১৯৪৫ চনৰ শেষৰ ফালে বিষ্ণু ৰাভা ভাৰতৰ বিপ্লৱী কমিউনিষ্ট পাৰ্টী(RCPI)ৰ প্ৰতি আকৃষ্ট হৈ ১৯৪৬ চনত ‘ছিৰাজ’ বোলছবিৰ কামত কলিকতালৈ যোৱাৰ সময়তে আৰচিপিআই দলৰ সক্ৰিয় সদস্য হয় । ১৯৪৮ চনত RCPIক নিষিদ্ধ ঘোষণা কৰা হয়, ফলত ১৯৫২ চনলৈ ৰাভাদেৱে আত্মগোপন কৰি থাকে । সেই সময়ত তৎকালীন বিষ্ণুৰাম মেধিৰ চৰকাৰে বিষ্ণু ৰাভা মূৰৰ দাম ১০ হেজাৰ টকাৰ ঘোষণা কৰিছিল । ১৯৫২ চনত তেওঁক গ্ৰেপ্তাৰ কৰা আৰু এবছৰ জেলত বন্দী হৈছিল ।

  • বিষ্ণুপ্ৰসাদ ৰাভাদেৱে সংগীত, নৃত্য, চিত্ৰকলা, আৰু অভিনয়ৰ উপৰি সংগীত পৰিচালক হিচাপে আৰু কথাছবি পৰিচালক হিচাপেও কাম কৰি গৈছে। 
  • ১৯৫১ চনত জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যুৰ পিছত তেওঁ ইণ্ডিয়ান পিপলছ থিয়েটাৰ এছ’চিয়েচন (আইপিটিএ)ৰ অসম শাখাৰ সভাপতি হয়।

  • ১৯৫৫ চনত ৰাভাদেৱে যোগদান কৰা ভাৰতীয় কমিউনিষ্ট পাৰ্টী(CPI)ৰ প্ৰাৰ্থীৰূপে ১৯৫৭ চনত বৰপেটা সমষ্টিৰ পৰা বিধানসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে । নিৰ্বাচনত ৰাভাৰ পৰাজয় হয় । ১৯৬২ চনত চীনা যুদ্ধৰ সময়ত চীনাপন্থী বুলি ৰাভাক আকৌ বন্দী কৰা হয় আৰু ৯ মাহৰ বাবে জেল হয় । ১৯৬৭ চনত তেজপুৰৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰে । আকৌ ১৯৬৮ চনত কোকৰাঝাৰ সমষ্টিৰ পৰা লোকসভাৰ নিৰ্দলীয় প্ৰাৰ্থীৰূপে থিয় হয় যদিও পৰাজয় হৈছিল ।

সাহিত্য, সংগীত, নাটক  আৰু নৃত্যঃ

কাশী হিন্দু বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণ ক্ৰমে ১৯৩৯ চনত বাৰানসীত ‘তাণ্ডৱ নৃত্য’ প্ৰদৰ্শন কৰি খ্যাতি অৰ্জন কৰে। ইয়াতেই সৰ্বপল্লী ৰাধাকৃষ্ণণে তেখেতক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল ।

  • ৰাভাই বহুতো কালজয়ী গীত ৰচনা কৰি গৈছে । তেখেতৰ “পৰজনমৰ শুভ লগনত” বিখ্যাত গীত । তেখেতৰদ্বাৰা ৰচিত আৰু সুৰাৰোপিত গানৰ বিশেষত্বৰ বাবে তেখেতৰদ্বাৰা ৰচিত গীতবোৰ “ৰাভা সংগীত” হিচাপে পৰিচিত ।
  • জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লগ লাগি ১৯৩৫ চনত ৰাভাদেৱে ‘জয়মতী‘ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ বাণীবদ্ধ ৰূপ প্ৰস্তুত কৰিছিল। 

প্ৰথম অসমীয়া কথাছবি ‘জয়মতী’ নিৰ্মাণত তেখেতে জ্যোতিপ্ৰসাদ আগৰৱালাক নৃত্য পৰিচালনাৰ লগতে আন কেবাটাও বিষয়ত সহায় কৰিছিল । বাণ ৰঙ্গমঞ্চ তেজপুৰত নিয়মীয়াকৈ অভিনয় কৰা ৰাভাদেৱে নাটকত অভিনয় কৰাৰ উপৰিও কেবাখনো অসমীয়া ছবিত অভিনয় কৰিছিল ।  তেখেতে ‘এৰা বাটৰ সুৰ’, ‘প্ৰতিধ্বনি’, ‘ছিৰাজ’ বোলছবিত অভিনয় কৰিছিল । ছিৰাজ বোলছবি, ফণী শৰ্মাৰ সৈতে যুটীয়া ভাৱে পৰিচালনা কৰা আটাইতকৈ সফল ছবি ।

১৯৬৯ চনৰ ২০ জুন তাৰিখে ৰাতি ২-২৫ বজাত তেজপুৰত ৰাভাদেৱে মৃত্যুক সাবটি লয়। পাকস্থলীত হোৱা কৰ্কট ৰোগত ভুগি তেখেতৰ মৃত্যু হয়।

পৰিশিষ্টঃ

কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা আছিল অসমৰ এগৰাকী সাংস্কৃতিক অনুষ্ঠান সদৃশ ব্যক্তিত্ব । সমন্বয়ৰ সাংস্কৃতিক আন্দোলনৰ হোতা স্বৰূপ তেওঁৰ লোক সংস্কৃতি আৰু ধ্ৰুপদী পৰম্পৰাৰ সংমিশ্ৰিত নিপুণতাই সকলোকে আকৰ্ষণ কৰিছিল । অনন্য প্ৰতিভাৰ নক্ষত্ৰস্বৰূপ বিষ্ণু প্ৰসাদ ৰাভাদেৱ “কলাগুৰু”ৰূপে অসমৰ হিয়াৰ আমঠু । ৰাভাদেৱৰ জীৱন বৃতান্ত এটি বিৱৰণীত সামৰাৰ চেষ্টাও কৰিব নোৱাৰি যদিও কালক্ৰমে এই বিৱৰণৰ পৰিসৰ যৎসম্ভৱ বৃদ্ধিৰে  কলাগুৰুলৈ শ্ৰদ্ধা নিবেদনৰ প্ৰয়াস থাকিব ।


Post a Comment

0 Comments